২০২৪:ৱিকিমেনিয়া

This page is a translated version of the page 2024:Wikimania and the translation is 91% complete.
Outdated translations are marked like this.
⧫ Collaboration of the Open ⧫
প্ৰতিবছৰে শ শ ৱিকিমিডিয়ান একত্ৰিত হৈ বাৰ্ষিক ৱিকিমেনিয়া বিশ্ব সন্মিলনত মুক্ত তথা বিনামূলীয়া জ্ঞান উদ্‌যাপন কৰে। ১৯ সংখ্যক ৱিকিমেনিয়া মধ্য আৰু পূব ইউৰোপ অঞ্চলৰ ৱিকিমিডিয়ান আৰু ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অংশীদাৰিত্ব হিচাপে ৭–১০ আগষ্টত পোলেণ্ডৰ কাট’ৱিচত অনুষ্ঠিত হ’ব। ইয়াত বিশ্বৰ বিভিন্ন প্ৰান্তৰ মুক্ত তথা বিনামূলীয়া জ্ঞান প্ৰদান কৰা বিষয়ববীয়াসকলক বিভিন্ন বিষয় সন্দৰ্ভে আলোচনা কৰিব, নতুন প্ৰকল্প আৰু পদ্ধতি সন্দৰ্ভে প্ৰতিবেদন প্ৰস্তুত কৰিব, নেটৱৰ্ক গঢ়ি তুলিব আৰু ধাৰণা বিনিময় কৰিব পৰাকৈ আতিথ্য প্ৰদান কৰা হ’ব।

পঞ্জীয়ন

পঞ্জীয়ন এতিয়া খোলা আছে।

ৱিকিমেনিয়া কাট’ৱিচ শাৰীৰিকভাৱে আৰু অনলাইনত অনুষ্ঠিত হ’ব। শাৰীৰিক পঞ্জীয়নৰ খৰচৰ বাবে ৱিকিমিডিয়া ফাউণ্ডেশ্যনে আৰ্থিক সাহায্য প্ৰদান কৰিব আৰু ইয়াৰ মূল্য হ’ব ১০০ মাৰ্কিন ডলাৰ। ভাৰ্চুৱেল অনুষ্ঠানৰ বাবে সম্পূৰ্ণৰূপে ৱিকিমিডিয়া ফাউণ্ডেশ্যনে পুঁজি যোগান ধৰিব আৰু অনুষ্ঠানটো বিনামূলীয়া হৈ থাকিব।

অধিক পঢ়ক পঞ্জীয়ন কৰক

ছাত্ৰবৃত্তি

ছাত্ৰবৃত্তি প্ৰক্ৰিয়াৰ অন্ত পৰিছে, যাৰ দ্বাৰা ২৫২গৰাকী লোকক সম্পূৰ্ণ আৰু আংশিক বৃত্তি প্ৰদান কৰা হৈছে আৰু লগতে কেন্দ্ৰ আৰু আঞ্চলিক গোটসমূহক ১৯খন আসন প্ৰদান কৰা হৈছে।

অধিক পঢ়ক

সাক্ষাৎ আৰু অন্যান্য কাৰ্যকলাপ

অংশগ্ৰহণকাৰীসকলক সামূহিক সভা আয়োজন কৰিবলৈ আৰু সেইবোৰত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়। লোকে ওচৰ-পাঁজৰৰ ঠাইবোৰলৈ ভ্ৰমণৰ আয়োজনো কৰে।

সাক্ষাৎ Tours & Side Events

ৱিকিমেনিয়াৰ বিষয়ে

ৱিকিমেনিয়া হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা সকলো বিনামূলীয়া জ্ঞানৰ প্ৰকল্প – Commons Wikimedia Commons, MediaWiki MediaWiki, Meta-Wiki Meta-Wiki, Wikibooks Wikibooks, Wikidata Wikidata, Wikifunctions Wikifunctions, Wikinews Wikinews, Wikipedia Wikipedia, Wikiquote Wikiquote, Wikisource Wikisource, Wikispecies Wikispecies, Wikiversity Wikiversity, Wikivoyage Wikivoyage, আৰু Wiktionary Wiktionary – উদ্‌যাপনৰ উদ্দেশ্যে বাৰ্ষিকভাৱে আয়োজিত বহুদিনীয়া আলোচনা, সাক্ষাৎ, প্ৰশিক্ষণ আৰু কৰ্মশালাৰ এক সন্মিলন। সমগ্ৰ বিশ্বৰ শ শ স্বেচ্ছাসেৱক আৰু মুক্ত তথা বিনামূলীয়া জ্ঞান প্ৰদান কৰা বিষয়ববীয়াসকল বিভিন্ন বিষয় সন্দৰ্ভে আলোচনা কৰিবলৈ, নতুন প্ৰকল্প আৰু পদ্ধতি সন্দৰ্ভে প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ আৰু ধাৰণাৰ বিনিময়ৰ উদ্দেশ্যে একত্ৰিত হয়।

অনুষ্ঠানৰ অংশীদাৰ


এই পৃষ্ঠাৰ অনুবাদসমূহ