ৱিকিমেনিয়া ২০২৫

Wikimania@20: Inclusivity . Impact . Sustainability .

ৱিকিমেনিয়া হৈছে ৱিকিমিডিয়া ফাউণ্ডেচনৰ দ্বাৰা আয়োজিত সকলো ধৰণৰ বিনামূলীয়া জ্ঞান প্ৰকল্প উদযাপনৰ এক বাৰ্ষিক সন্মিলন।
Wikimedia Commons,
MediaWiki,
Meta-Wiki,
Wikibooks,
Wikidata,
Wikinews,
Wikipedia,
Wikiquote,
Wikisource,
Wikispecies,
Wikiversity,
Wikivoyage,
Wiktionary and
Wikifunctions
– চাৰিদিনীয়া এই সন্মিলনখন আলোচনা, মিটআপ, প্ৰশিক্ষণ, আৰু কৰ্মশালাৰ সৈতে অনুষ্ঠিত হয়। বিশ্বৰ শ শ স্বেচ্ছাসেৱক আৰু মুক্ত জ্ঞানৰ কৰ্ণধাৰকে বিষয়সমূহৰ ওপৰত আলোচনা কৰিবলৈ, নতুন প্ৰকল্প আৰু পদ্ধতিৰ ওপৰত প্ৰতিবেদন আগবাঢ়োৱা, আৰু ধাৰণা বিনিময় কৰিবলৈ একত্ৰিত হয়।
বাৰ্ষিকভাৱে অনুষ্ঠিত ৱিকিমেনিয়াৰ বিংশতিতম সংস্কৰণ ৱিকিমেনিয়া ২০২৫ অনলাইন আৰু অফলাইন উভয় মাধ্যমেৰে ৬-৯ আগষ্ট ২০২৫ তাৰিখত নাইৰবিৰ, কেনিয়াত অনুষ্ঠিত হ'ব। পূব আফ্ৰিকাৰ ৱিকিমিডিয়া স্বেচ্ছাসেৱক আৰু ব্যৱহাৰকাৰী গোটসমূহৰ (EARTHub) আৰু ৱিকিমিডিয়া ফাউণ্ডেচনৰ সহযোগত এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হ'ব।
ৱিকিমেনিয়াৰ ২০ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ পৰিপ্ৰেক্ষিতত এই সংস্কৰণটো এক বৃহৎ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।
এই পৃষ্ঠাটো এতিয়াও নিৰ্মিয়মান অৱস্থাত আছে। ইয়াৰ মাজতে যদি আপুনি ভ্ৰমণ সম্পৰ্কত কোনো তথ্য বিচাৰিছে, তেন্তে আপুনি নাইৰবি, কেনিয়া বা পূৱ আফ্ৰিকা ৰ ৱিকিভয়েজৰ পৃষ্ঠাসমূহ চাব পাৰে।
সংগঠন দলটোক লগ কৰক। সাধাৰণ অনুসন্ধানৰ বাবে, আপুনি আমাৰ বাৰ্তা পৃষ্ঠাত গৈ পোষ্ট কৰিব পাৰে বা wikimaniawikimedia.org লৈ এটা ইমেইল বাৰ্তা প্ৰেৰণ কৰিব পাৰে।
Wikimania throughout the years
Frankfurt 2005 ● Boston 2006 ● Taipei 2007 ● Alexandria 2008 ● Buenos Aires 2009 ● Gdańsk 2010 ● Haifa 2011 ● Washington, D.C. 2012 ● Hong Kong 2013 ● London 2014 ● Mexico City 2015 ● Esino Lario 2016 ● Montréal 2017 ● Cape Town 2018 ● Stockholm 2019 ● online 2021 ● online 2022 ● Singapore 2023 ● Katowice 2024 ● Nairobi 2025